newsnextone.com | গুৱাহাটীঃ ৰাজ্যত এটি প্ৰভাৱশালী চক্ৰই মানব অংগৰ চোৰাং ব্যৱসায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দীৰ্ঘদিনৰ পৰা এটি চক্ৰই কেৱল ধন ঘটাৰ স্বাৰ্থতে অসমৰ পৰা জীৱিত তথা সুস্থ একোগৰাকী লোকক বহিঃৰাজ্যলৈ নি মানব অংগ বিক্ৰী কৰিবলৈ বাধ্য কৰে৷ মানব অংগৰ ব্যৱসায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছতো প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ গুৱাহাটীৰ পৰা প্ৰকাশিত ৰাজ্যৰ আগশাৰীৰ দৈনিক বাতৰি কাকত জনমভূমিত প্ৰকাশিত এটি প্ৰতিবেদন মৰ্মে গুৱাহাটী মহানগৰীৰ পৰাই নিয়ন্ত্ৰণ হয় মানব দেহৰ অংগৰ ব্যৱসায়৷
বহিঃৰাজ্যৰ এটা বৃহৎ চক্ৰৰ সতে অসমৰ লোক জৰিত হৈ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহায়ত ৰাজ্য ৰাজধানীৰ পৰা মানব অংগৰ চোৰাং ব্যৱসায় চলাই গৈছে৷ অপৰাধী চক্ৰটোৱে টাৰ্গেট কৰি লয় গ্ৰাম্য অঞ্চলৰ দুখীয়া, গৰীৱ, শ্ৰমিক, খাটিখোৱালোকক৷