newsnextone.com | চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিৰ ছেইণ্ট যোছেফ হাই স্কুলৰ প্ৰস্ৰাৱগাৰৰ দেৱাল খহি দুগৰাকী কণমানি ছাত্ৰ আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই ছাত্ৰৰ দেহত খহি পৰা দেৱালৰ ইটা দেহত লগাত গুৰুতৰ বাৱে আহত হয়। ততাতৈয়াতৈ দুয়ো ছাত্ৰক হস্পিতালত ভৰ্তি কৰা হয় যদিও এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, জিৰণিৰ সময়ত দুই ছাত্ৰই প্ৰস্ৰাৱগাৰলৈ গৈছিল। বিদ্যালয় চৌহদতে লাগি থকা প্ৰস্ৰাৱগাৰৰ ভিতৰতে সোমোৱাৰ সময়তে এখন দেৱাল খহি পৰে।
দেৱাল খহি পৰাত দুই ছাত্ৰৰ গাত ইটা লাগি আহত হয় দুই কণমানি ছাত্ৰ দুজন।