ডিজিটেল ডেস্কঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ জীৱনৰ ওপৰত আধাৰিত চলচিত্ৰ "শচীন এ বিলিয়ন ড্ৰিমছ"ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল বলিউডৰ শ্বাহৰুখ খানে৷ কিং খানে টুইটাৰত শচীনক তেওঁৰ পথ পৰ্দশক বুলি উল্লেখ কৰিছিল৷ শ্বাহৰুখৰ এই টুইটৰ পিছতে শচীনে ধন্যবাদ জ্ঞাপন কৰে৷

টুইটত শচীনে কয় যে জীৱনত বিফলতা নাথাকিলে কোনেও সফল হ’ব নোৱাৰে৷ শ্বাহৰুখৰ কথাই তেওঁক বাকীসকলৰ দৰেই অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰিছে লিটল মাষ্টাৰে৷ শচীনৰ ওপৰত নিৰ্মিত আত্মজীৱনীমুলক চলচিত্ৰ "শচীন এ বিলিয়ন ড্ৰিমছ" সমগ্ৰ বিশ্বতে ২৬ মেত মুক্তি লাভ কৰিব৷ এতিয়ালৈ চলচিত্ৰখনৰ ট্ৰেইলৰ ইউ টিউবত ২০ মিলিয়ন লোকে চাইছে৷