newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ১১ সংখ্যাক প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দল জেডিএছ পূৰ্বে অনুমান কৰা অনুসৰিয়ে কৰ্ণাটকৰ কিং মেকাৰ হোৱাৰ দিশে আগবাঢ়িছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দলটোৱে বছৰ বছৰ ধৰি ক্ষমতাৰ পৰা দূৰত থাকিব লগা হৈছে যদিও এইবাৰ মিত্ৰজোঁটত থাকি হ’লেও ক্ষমতালৈ অহাৰ সম্ভাৱনাই দেখা দিছে৷
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৭৩ খন আসনত জয়ী হৈছে আনহাতে ৩২ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ৪০ খন আসনত জয়ী হোৱাৰ লগতে ৩৬ খন আসনত আগবাঢ়ি আছে৷