শিৱসাগৰঃ অসমৰ বহু সন্তানে অসমৰ নাম যোৱা বহু বছৰৰ ধৰি জিলিকায় আহিছে বিশ্ববাসীৰ মাজত। এইবাৰ আন এজন অসম সন্তান কিংশোক মৰাণে বলিউডৰ বহুতো জনপ্ৰিয় বোলছবিত যেনে পদ্মাৱত, দঙ্গল, বাজিৰাও মাষ্টানী, উৰি-দি চার্জিকেল ষ্টাইক আৰু মণিকৰ্ণিকা দৰে জনপ্ৰিয় ছবিত চাউণ্ড ডিজাইনিংত কাম কৰি নিজৰ লগতে অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। লগতে অসমীয়া ছবি দূৰ নামৰ ছবিখনতো কাম কৰিছে যুৱক কিংশোক মৰাণে৷

কিংশোকে ৪০-৫০ খনত কে অধিক ছবিত ছাউণ্ড এদিটিং কৰিছে আৰু পাছত নিজৰ কষ্টৰ ফলত চাউণ্ড ডিজাইনিং কৰিবলৈ সক্ষম হয়। কিংশোক মৰাণৰ বাসগৃহ ডিব্ৰুগড় নাহৰকটিয়াত। কিংশোকে নিজৰ শিক্ষা শিৱসাগৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰপৰা সম্পূৰ্ণ কৰি উচ্চ শিক্ষাৰ বাবে মুম্বাই গৈছিল। উচ্চ শিক্ষা গ্ৰহণৰ পাছত কিংশোকে নিজৰ জীৱনৰ আঁঠতা বছৰ বহুতো পৰিশ্ৰম কৰে যাৰ ফলত বলিউডৰ নিচিনা ঠাইত নিজৰ পৰিচয় পাবলৈ সক্ষম হয়।

কিংশোকে জানিব দিয়াৰ মতে তেওঁ অনাগত দিনত আগুৱাই যোৱাৰ চেষ্টা অব্যাহত ৰাখিব যাতে তেওঁৰ লগত জড়িত অসমৰ নাম সদায় উজ্বলি থাকে। আগন্তুক জীৱনত কিংশোকৰ লগতে অসমৰ নাম উজ্বলি থাকে তাৰে কামনা অসম বাসীৰ৷