গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিব৷ মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা কৃষক নেতা অখিল গগৈয়ে সাক্ষ্য প্ৰদান কৰিব আহি নাম নোলোৱাকৈ একাংশ জাতীয় সংগঠনক তীব্ৰ আক্ৰমণ কৰে৷ সাক্ষ্য প্ৰদান কৰিব নহা জাতীয় সংগঠনক জাতিদ্ৰোহী আখ্যা দিয়ে৷