newsnextone.com | গুৱাহাটীঃ যোৱা ৭ মে’ত গুৱাহাটীত যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত অসম গণ পৰিষদ দলে মিত্ৰ জোঁটত থকাৰ পিছতো সদলবলে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য দান কৰে৷ দলটোৰ অন্যতম বোতা প্ৰক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা, মন্ত্ৰী দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আদি উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰে৷
ৰাজ্যৰ একাংশ ব্যক্তি বিশেষ আৰু দল-সংগঠনে অগপক অসম ফলশ্ৰুতিত জন্ম লাভ কৰা দল এটাই অসমত বাংলাদেশী সংস্থাপন কৰিব খোজা বিজেপি দলৰ সৈতে মিত্ৰ জোঁটক চৰকাৰ চলাই থকা কাৰ্যক ধিক্কাৰ দি অবাৰ সময়তে এইবাৰ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ যোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷