newsnextone.com | গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেওবাৰে ঘোষণা কৰা কলা দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহটীলৈ আহা থকা অৱস্থাত ছাত্ৰ মুক্তিৰ এগৰাকী নেতাক আৰক্ষীয়ে আটক কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ গোলাঘাট জিলাৰ পৰা ৰেল যোগে গুৱাহাটীলৈ আহি থকা অৱস্থাত গোলাঘাট জিলা আৰক্ষীয়ে বৰপথাৰ ৰেল ষ্টেচনৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক বৰপথাৰ অৰক্ষী থানালৈ নিয়ে বুলি ছাত্ৰ মুক্তি সংগাম সমিতিয়ে অভিযোগ উত্থাপন কৰে৷ 

Arindam Tamuly New নামৰ ফেচবুক একাউণ্টত লাইভ কৰি বৰপথাৰ থানাৰ আৰক্ষী বিষয়া ভোলা বৰাই বিদ্যুৎ শইকীয়াক নিচা জাতীয় দ্ৰব্য খুৱাই থানাৰ পৰা এৰি দিয়াৰ সন্দেহ কৰে। বৰ্তমান বিদ্যুৎ শইকীয়াক অচেতন অৱস্থাত থকা বুলি কয়৷ গোলাঘাট জিলাৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা দলৰ সৈতে গুৱাহাটীলৈ আহি থকা অৱস্থাত বিদ্যুৎ শইকীয়াক ৰেলৰ পৰা নমাই আৰক্ষী থানালৈ নিয়াৰ অভিযোগ উত্থাপন হয়৷ 

ইণ্টাৰচিটি ৰেলখনৰ পৰা আৰক্ষীয়ে আটক কৰে যদিও কিছু সময় পিছতে এৰি দিয়া বুলি কয় ফেচবুক পোষ্টযোগে৷ বৰপথাৰ আৰক্ষী থানাত বিদ্যুতক খাদ্যৰ সৈতে নিচা জাতীয় দ্ৰব্য খুৱাই এৰি দিয়া বুলি অভিযোগ উত্থাপন কৰে৷ একপ্ৰকাৰ এয়া এক হত্যাৰ ষড়যন্ত্ৰ বুলি কয় ছাত্ৰ মুক্তিয়ে৷ আৰক্ষীয়ে চিকিৎসা নকৰাকৈ বিদ্যুতক মুকলি কৰি দিয়াত সতীৰ্থই গোলাঘাটৰ চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা গৈছে।