newsnextone.com | গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেওবাৰে ঘোষণা কৰা কলা দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহটীলৈ আহা থকা অৱস্থাত ছাত্ৰ মুক্তিৰ এগৰাকী নেতাক আৰক্ষীয়ে আটক কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ গোলাঘাট জিলাৰ পৰা ৰেল যোগে গুৱাহাটীলৈ আহি থকা অৱস্থাত গোলাঘাট জিলা আৰক্ষীয়ে বৰপথাৰ ৰেল ষ্টেচনৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক বৰপথাৰ অৰক্ষী থানালৈ নিয়ে বুলি ছাত্ৰ মুক্তি সংগাম সমিতিয়ে অভিযোগ উত্থাপন কৰে৷
51