গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ৰুজু কৰা গোচৰত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে৷ 'কা’ বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চে পাণবজাৰ থানাত ০০০১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল কৃষক নেতা গগৈৰ বিৰুদ্ধে৷

উক্ত গোচৰত যোৱা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাণবজাৰ থানাৰ ক্ৰাইম বাঞ্চে কৃষক নেতাজনক গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰিছিল। ক্ৰামই বাঞ্চৰ গোচৰৰ শুনানি গ্ৰহণৰ অন্তত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল কৃষক মুক্তিৰ নেতাকেইজনক।

উল্লেখ্য যে প্ৰথম অৱস্থাত নিম্ন আদালতত জামিনৰ বাবে আবেদন কৰা হৈছিল যদিও কৃষক নেতাজনৰ জামিন মঞ্জুৰ কৰা হোৱা নাছিল৷ এনে পৰিপ্ৰেক্ষিতত নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনাইছিল অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে। উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আজি এই ৰায় প্ৰদান কৰে।

ন্যায়ালয়ত আজি অখিলৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা শান্তনু বৰঠাকুৰ আৰু পল্লবী বৰাই৷ ইফালে অখিল গগৈসহ আটাইকেইজন কৃষক নেতাই ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ আজিয়ে প্ৰশস্ত নহ’ব বুলি জনাইছে অধিবক্তা দুগৰাকীয়ে।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী শীৰ্ষ নেতাই জনোৱা মতে কাৰাবন্দী কৃষক নেতাজনে 'নিয়া’ৰ গোচৰ আৰু ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত জামিন পালেও বন্দীত্বকাল ইমান সহজে অন্ত পৰাৰ সম্ভাৱনা নাই। এই দুটা গোচৰৰ উপৰিও তেওঁৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত চৰকাৰী পক্ষই একাধিক গোচৰ ৰুজু কৰাৰ পৰিপ্ৰেক্ষিততে বন্দীত্বকাল দীঘলীয়া হোৱাতো স্পষ্ট হৈ পৰিছে। নেতাগৰাকীয়ে আৰু জনাই যে বৰ্তমান শিৱসাগৰৰ কাৰাগাৰতে ৰখা হৈছে অখিল গগৈক।