চাবুৱাঃ যোৱা ১৩ ছেপ্তেম্বৰত কৃষক নেতা অখল গগৈক আটক কৰাৰ পাছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজপৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অখিলক মুক্তি দিয়াৰ দাবীত প্ৰতিদিনে সংগঠনটোৱে ৰাজপথ উত্তাল কৰি ৰাখিছে৷
ৰাজ্য চৰকাৰে কৃষক নেতাজনৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰাৰ প্ৰতিবাদত সোমবাৰেও ডিব্ৰুগড় জিলাৰ উপাযু়ক্তৰ কাৰ্যলয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে এক বিশাল গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।