কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ সপ্তম বাৰ্ষিক শ্বহীদ দিৱসৰ সোমবাৰে সফল সামৰণি পৰে৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ শিঙিমাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সংখ্যালঘু সংগঠনটোৰ শ্বহীদ দিৱসৰ লগতে ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি নকৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে কোনোপধ্যে বাদ নপৰে তাৰ প্ৰতি সতৰ্ক হবলৈও চৰকাৰক আহ্বান জনায়৷ আনহাতে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আঢ়ৈমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ নোহোৱালৈকে এবিএমছুই গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰে আলি আজম সেখে ৷