হোজাইঃ সুৰা, তীৰ-জুৱা আদি অসামাজিক কামত জড়িত হৈ পৰিছে হোজাই জিলাৰ ডবকাৰ একাংশ যুৱক৷ হোজাই জিলাৰ ডবকাত সংঘটিত হৈ অহা এনে অসামাজিক কাৰ্যকলাপ ৰুধিবলৈ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
ডবকা চহৰৰ মাজমজিয়াৰ পাণ বজাৰৰ লগতে চহৰখনৰ আন আন প্ৰান্তত অবৈধ চুলাই মদ, তীৰ জুৱাকে ধৰি বিভিন্ন অসামাজিক কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আৰক্ষী প্ৰসাশনে নীৰৱ ভূমিকা পালন কৰি অহাৰো অভিযোগ উত্থাপন কৰে ডবকা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷