ডিজিটেল ডেস্কঃ বিতৰ্কৰ অন্ত নাই সংগীত শিল্পী জাষ্টিন বেইবাৰৰ৷ গাৰ্লফ্ৰেণ্ডৰ পৰা আৰম্ভ কৰি গুণমুগ্ধৰ সৈতে ব্যৱহাৰ ইত্যাদি এশ এবুৰি বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই আছে জাষ্টিনৰ৷ কিন্তু শেহতীয়াকৈ ভাৰতত পুনৰ বিতৰ্কিত হৈ পৰিছে জাষ্টিন বেইবাৰ৷

১০মে'ত নৱী মুম্বাইৰ পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব জাষ্টিন বেইবাৰৰ সংগীতানুষ্ঠান৷ হুৱাইট ফক্স ইণ্ডিয়া শীৰ্ষক প্ৰতিষ্ঠানটোৱে আয়োজিত কৰিছে এই অনুষ্ঠান৷কিন্তু অনুষ্ঠানৰ পুৰ্বে জাষ্টিনে দিয়া দাবীসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ৷ 

হোটেলত মুঠতে ১৩টা কোঠা বুক কৰা হৈছে ,সুৰক্ষাৰ বাবে দুখন ফাইভ ষ্টাৰ হোটেল বুক কৰিছে আয়োজকে৷
কোঠাৰ সকলো পৰ্দা বগা হ’ব লাগিব। কোঠাৰ ফ্ৰীজটো কাচৰ হ’ব লাগিব৷

আনহাতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে হোটেলৰ পৰা ব্যাক্তিগত জেট প্লেনত যাব বেইবাৰ৷ বেইবাৰে ভ্ৰমণ কৰিলে লগত লৈ যায় নিজৰ চোফা, ৱাছিং মেছিন আৰু টেবুল টেনিছৰ টেবুল৷ এইবাৰ মুম্বাইলৈ আহিলে এইবোৰো লগত লৈ আহিব শিল্পীজনে৷

শিল্পীজনৰ সুৰক্ষাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে দিব লাগিব জেড প্লাছ ছিকিউৰিটি৷ বেইবাৰৰ অনুষ্ঠানৰ টিকটৰ মুল্য নিম্নতম ৫হাজাৰ টকা আৰু প্লেটিনাম টিকটৰ মুল্য ১৫হাজাৰ৪শ টকা৷ অনুৰাগীয়ে ইনষ্টলমেন্টৰ জৰিয়তেও কিনিব পাৰিব টিকট৷

’বেবী’ শীৰ্ষক সংগীতটোৰে ১৬ বছৰতে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা জাষ্টিন বেইবাৰে অনুৰাগীৰ সৈতে নুঠে কেতিয়াও ফটো৷ তদুপৰি অনুষ্ঠান পৰিৱেশনৰ মাজত অনুৰাগীয়ে চিঞৰিলে আধাতে অনুষ্ঠান এৰি থৈ যাব পাৰে জাষ্টিনে৷ 

ছ’চিয়েল মিডিয়াত সততে বিতৰ্কৰ আৱৰ্তত থকা জাষ্টিন নিজৰ ল’ৰামতীয়া ব্যৱহাৰৰ বাবে সমালোচনাৰ পাত্ৰ হৈ আহিছে৷ এবাৰ অনুৰাগীয়ে চুবলৈ খোজাৰ বাবে অনুৰাগীজনক শাৰিৰীক ভাৱে প্ৰহাৰ কৰিছিল জাষ্টিনে৷ 

এশ এবুৰি বিতৰ্ক থাকিলেও জাষ্টিনৰ বাবে উৎসাহৰ অন্ত নাই গুণমুগ্ধৰ মাজত৷ ব্ৰাজিলত তেওঁৰ এক অনুষ্ঠানৰ বাবে ৫মাহ পূৰ্বৰে পৰা ষ্টেডিয়ামত টেন্টত বাহৰ পাতিছিল বহু অনুৰাগীয়ে৷