ডিজিটেল ডেস্কঃ মনোজ মুকুন্দ নাৰাভানে, সেনাপ্ৰধান, ভাৰত। বীৰ শিৱাজীৰ মাতৃভূমি মহাৰাষ্ট্ৰৰ সন্তান তেওঁ ৷ মাথোঁ ১৬বছৰ বয়সতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান (National Defence Academy)ত ভৰ্তি হোৱা নাৰাভানে আজি ভাৰতীয় সেনাৰ মুৰব্বী৷ তেওঁ নেতৃত্ব প্ৰদান কৰিছে দেশৰ ১৩লক্ষ সৈন্যবাহিনীক৷ তেওঁ হৈছে দেশৰ ২৮সংখ্যক সেনাপ্ৰধান৷
অনেক উগ্ৰবাদবিৰোধী অভিযানৰ অভিজ্ঞতাৰে পুষ্ট জেনেৰেল নাৰাভানে বন্ধু-বান্ধৱ আৰু চিনা-পৰিচিতজনৰ ওচৰত মাটিৰ মানুহৰূপে পৰিচিত৷ নতুন আৰু পুৰণি সকলো বন্ধুৱেই নাৰাভানে অতি বিনয়ী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মৰমিয়াল ব্যক্তিৰূপে আখ্যা দিয়ে৷ ২০২২ত ৬২বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰিব৷