বোকাজানঃ আজি পুৱা কাৰ্বি আংলং আৰক্ষীয়ে খটখটিৰ পলাতক লম্পট ধৰ্মযাজক চন্দ্ৰ কুমাৰ প্ৰধানক নাগালেণ্ডৰ কহিমাৰপৰা আটক কৰে ৷ উল্লেখযোগ্য যে যোৱা ৩১ অক্টোবৰj দিনৰ প্ৰায় ৩ বজাত বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানৰ ছানডে’ বজাৰৰ এই চৰিত্ৰহীন ৬২ বছৰীয়া ধৰ্মযাজকজনে এটি ১০ বছৰীয়া কণমানিৰ ওপৰত নিজৰ নিকৃষ্ট কামনা চৰিতাৰ্থ কৰিবলৈ চেষ্টা কৰিছিল ৷
ঘটনাৰ বিৱৰণী অনুসৰি উক্ত দিনা ছানডে’ বজাৰৰ নিবাসী নুৰকুল ইছলাম নামৰ লোকজন তেজপুৰলৈ যোৱাৰ সময়ত তেওঁৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নুৰকুল ইছলামৰ ১০ বছৰীয়া কণমানিজনীক ফুচুলাই লাহৰীজান চাহ বাগানৰ মাজলৈ লৈ গৈ যৌন উৎপীড়নৰ চেষ্টা কৰোতেই কণমানি ছোৱালীজনীয়ে কান্দি কান্দি চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়াই লম্পটটোৰ কৱলৰপৰা কণমানিজনীক উদ্ধাৰ কৰে যদিও ধৰ্মযাজকজনে পলাই সাৰিবলৈ সক্ষম হয় ৷