কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত গেন্দ্ৰাবিলৰ ধাননি পথাৰত আজি এগৰাকী ছাত্ৰীৰ অৰ্ধদগ্ধ মৃতদেহ হাতভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
পৰিয়ালৰ লোকে সদৰি কৰা মতে কালি গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা লক্ষ্মীপূজাৰ মেলা চাবলৈ গৈ ছাত্ৰীগৰাকী সন্ধানহীন হৈছিল আৰু আজি সন্ধিয়া যুৱতী গৰাকীক হাতভৰি বন্ধা অৱস্থাত ধাননি পথাৰৰ পৰা অৰ্ধদগ্ধ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ মেলাৰ পৰাই ছাত্ৰীগৰাকীক দুৰ্ষ্কৃতিকাৰীয়ে অপহৰণ কৰি নি প্ৰথমে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি পিছত যুৱতী গৰাকীৰ হাত ভৰি বান্ধি জ্বলাই দিয়া বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে ৷ উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ চৌপাশে হোৱাই নোহোৱাই অনুষ্ঠিত হৈ থকা মেলাসমুহত অত্যাধিক জুৱাৰ প্ৰভাৱে অঞ্চলতোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি পেলাইছে আৰু এইক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা লৈ থকাৰ বাবে ছাত্ৰীহত্যাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হ’ল বুলি একাংশই মন্তব্য কৰিছে ।