কোকৰাঝাৰঃ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ লগতে বৰপেটা, কোকৰাঝাৰ আৰু বঙাইগাঁৱত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সোমবাৰে ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে কোকৰাঝাৰতো শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷
সন্ধিয়া ৫.৩০ বজাত বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থাই যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই বালাজান তিনিআলি বজাৰৰ জিৰণি চৰাত ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে বন্তি প্ৰজ্বলন কৰে৷