জোনাইঃ পৰিয়াল পৰিচয় পত্রৰ হিতাধিকাৰীৰ নামত আবণ্টন দিয়া কেৰাচিন বিক্ৰী কৰাৰ অভিযোগত কেৰাচিন তেল ডিপোৰ পৰিচালকক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজহুৱা যোগানৰ ব্যৱস্থাৰ কেৰাচিন বিক্ৰী তথা দুৰ্নীতিৰ অভিযোগত সোমবাৰে এগৰাকী কেৰাটিন তেল ডিপোৰ পৰিচালক আটক হয় জোনাইত৷
জোনাই মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনস্থ জোনাইৰ ভাৰত তেল নিগমৰ এজেন্ট খগেশ্বৰ পেগু আৰু পশ্চিম জোনাই সমবায় সমিতিৰ সচিব সুনিতা দলেৰ বিৰুদ্ধে জোনাইৰ মহকুমাধিপতী যাদৱ পেগুৱে যোৱা ১৫ আক্টোবৰত জোনাই থানাত দাখিল কৰিছিল এখন এজাহাৰ৷ এজাহাৰ দাখিল কৰাৰ পিছতে জোনাই আৰক্ষীয়ে তদন্ত কৰি গৈছিল৷