কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ নিকটৰ চান্দামাৰী ইলাচীঝাৰ গড়কাপ্তানী পথত বৃহস্পতিবাৰে এখন যাত্ৰীবাহী উইংগাৰ উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰি ভষ্মীভূত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পাৰ মতে, জিলাখনৰ চন্দ্ৰপাৰাৰ কুৱাবিল গাঁৱৰ লহিত মুছাহাৰীৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্র বিকাশ মুছাহাৰীয়ে (১৩) অন্ঠাইগৌলাও মিছন বিদ্যালয়ৰ পৰা নিজ ঘৰলৈ উভতি আহোতে পিছপিনৰ পৰা এএচ-০১-ডিচি-০৩৩২ নম্বৰৰ যাত্ৰীবাহী উইংগাৰ খনে ছাত্ৰজনক মহতিয়াই নিয়াৰ ফলত ছাত্ৰজন গুৰুতৰ ভাবে আহত হয়৷