কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ ফুটবল টুৰ্ণামেণ্টত বিজয়ী হোৱা কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ফুটবল দল তিনিটাক আজি জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধনা অনুষ্ঠানত ২১তম ছিনিয়ৰ মহিলাৰ আন্ত:জিলা ফুটবল টুৰ্ণামেণ্টৰ বিজয়ী দলটো, ১৫ তম সদৌ অসম ১৯ বছৰ অনুৰ্ধৰ আন্ত:জিলা ছোৱালী ফুটবল টুৰ্ণামেণ্টৰ বিজয়ী দলটো আৰু ৪০তম ছাব জুনিয়ৰ আন্ত:জিলা ফুটবল টুৰ্ণামেণ্টৰ বিজয়ী দলটোৰ খেলুৱৈসকলক একোখন আৰনাই আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়।