কোকৰাঝাৰঃ কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ১৮ সংখ্যক বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ যোৱা কালিৰ নৈশ খেলখনত এইবেলি ২০১৭ বৰ্ষৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে গোসাইগাওঁৰ জে বি ফুটবল ক্লাৱে ৷উল্লেখ্য যে,কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৱা কালি সন্ধিয়া অনুষ্ঠিত হোৱা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত গোসাইগাওঁৰ জে বি ফুটবল ক্লাৱে প্ৰতিদ্বন্দী দল মালিগাওঁ এন এফ ৰেলৱেক ১-০ গ’লৰ ব্যৱধানত হৰুৱাই চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
তীব্ৰ উত্তেজতাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধত দুয়োটা দলে উভয়পক্ষক এটাও গ’ল দিবলৈ সক্ষম নহল যদিও খেলৰ দ্বিতীয়াৰ্ধত গোসাইগাওঁৰ জে বি ফুটবল ক্লাৱৰহৈ ৭০ মিনিটত বিজয় সুচক গলটো দিবলৈ সক্ষম হয় খেলুৱৈ ফিনেবু জিন্নিৱে৷ উল্লেখ্য যে, প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা ১৮ সংখ্যক বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা ২০১৭ ৰ চেম্পিয়নশ্বিপ দল গোসাইগাওঁ জেবি ফুটবল ক্লাৱক স্বৰ্ণকাপ ট্ৰফীসহ নগদ এক লাখ টকাৰ চেক প্ৰদান কৰে বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু ৰানাৰ্চ দল মালিগাওঁ এন এফ ৰেলৱে দলক ট্ৰফীসহ নগদ ৫০ হেজাৰ টকাৰ চেক প্ৰদান কৰে বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷