জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ দাবী

ইউ টি চি গঠনৰো বিৰোধিতা

কোকৰাঝাৰঃ ২০০৩ চনৰ ১০ ফেব্ৰৱাৰী কেন্দ্ৰ, ৰাজ্য আৰু বি এল টি নেতৃবৰ্গৰ মাজত সম্পন্ন হোৱা বি টি চি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ দাবীত সোমবাৰে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী সমদল আৰু সভা অনুষ্ঠিত হয়।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিমলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগনৰপৰা কেইবাসহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ ফেষ্টুন, প্লেকাৰ্ড লৈ পদব্ৰজে জে ডি পথেৰে কোকৰাঝাৰ সদৰ চহৰত প্ৰৱেশ আৰু পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়।

কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰাৰ সময়ত প্ৰতিবাদকাৰী সকলে বি টি চি চুক্তি পুণৰীক্ষণ কৰিবই লাগিব, আমাৰ দাবী নাৰ্য দাবী, জাতি-জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন হ'বই লাগিব আদি শ্ল'গানেৰে বি টি চিৰ সদৰভূমি কোকৰাঝাৰ চহৰ কঁপাই তোলে।

পাছত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ তিনিদফীয়া দাবীৰে এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকৰ স্বাক্ষৰিত উক্ত স্মাৰক-পত্ৰ অনুসৰি বি টি চি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ক্ৰমান্বয়ে আন আন জনগোষ্ঠীসমূহে নিজ অধিকাৰৰপৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰে।

চুক্তি অনুসৰি ৫০ শতাংশতকৈ অধিক বড়ো জনসংখ্যা থকা গাঁওহে বি টি এ ডিত অন্তৰ্ভূক্তি হ'ব লাগিছিল যদিও বাস্তৱক্ষেত্ৰত চুক্তি উলংঘা কৰি ৩০৮২ খন অনাবড়ো অধ্যুষিত গাঁও বি টি এ ডিত অন্তৰ্ভুক্ত কৰা হৈছে। বি টি চিত অনাবড়োসকলে ৰাজনৈতিক অধিকাৰৰপৰাৰ বঞ্চিত হোৱা বুলি উল্লেখ কৰি অতি শীঘ্ৰেই বি টি চি চুক্তি পুণৰীক্ষণৰ দাবী তুলিছে সংগঠনসমূহে। তদুপৰি ইউ টি চি গঠনৰ কুচকাৱাজকো তীব্ৰ ভাষাৰে নিন্দা কৰি অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীৰ লোকৰ মতামত নোলোৱাকৈ বি টি এ ডি সন্দৰ্ভত কোনো ৰাজনৈতিক গ্ৰহণ কৰিলে পৰিস্থিতি ভয়াৱহ হৈ পৰিব বুলিও মন্তব্য কৰে।

সেয়েহে অজনজাতীয় লোকৰ অধিকাৰ খৰ্ব কৰা বি টি চি চুক্তি পুণৰীক্ষণ, অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীৰ লোকৰ মতামত নোলোৱাকৈ বি টি এ ডি সন্দৰ্ভত কোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ নকৰা আৰু বি টি এ ডি সমস্যাৰ স্থায়ী সমাধানাৰ্থে সকলো খিলঞ্জীয়া সংগঠনক লৈ উচ্চস্তৰীয় আলোচনা অনুষ্ঠিত কৰাৰ তিনি দফীয়া দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ সংগঠনকেইটাই উমৈহতীয়াভাৱে স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে বি টি চি চুক্তি পুণৰীক্ষণ আৰু জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ দাবীত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলৰ পূৰ্বে ডিমলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগনত এক সভাও অনুষ্ঠিত হয়। উক্ত সভাত কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মণ,  সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ষ্টিফেন লাক্ৰা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কু, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি আবু ছৈয়দ আনচাৰী, সম্পাদক নজৰুল ইছলামকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত দাবী পূৰণ নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰখাত অংগীকাৰবদ্ধ হয়।