Home ৰাজ্যকোকৰাঝাৰ আৰক্ষীৰ অভিলেখ, ৫২ বিষয়া-জোৱানলৈ প্ৰশস্তিপত্ৰ

কোকৰাঝাৰ আৰক্ষীৰ অভিলেখ, ৫২ বিষয়া-জোৱানলৈ প্ৰশস্তিপত্ৰ

by News Desk
A+A-
Reset
plc k

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পৰা ৫২ গৰাকীকৈ আৰক্ষীৰ বিষয়া-জোৱানে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ পৰা প্ৰশস্তি পত্ৰ লাভ কৰাত জিলাখনৰ কৰ্মদক্ষ আৰক্ষীৰ মাজত সন্তুষ্টিৰ হাঁহি বিৰিঙিছে । সন্ত্ৰাস জৰ্জৰিত এলেকাটোত সন্ত্ৰাসদমনৰ মুখ্য ভূমিকা লোৱা তথা কৰ্মক্ষেত্ৰত দেখুওৱা নিপুণতা, সফলতাৰ বাবেই ডিজিপিৰ পৰা একেলগে ৫২ গৰাকীয়ে প্ৰশস্তিপত্ৰ লাভ কৰি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে ।

প্ৰশস্তিপত্ৰ বিতৰণ উপলক্ষে আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত অসম আৰক্ষীৰ এডিজিপি ড°এল আৰ বিষ্ণই উপস্থিত থাকি প্ৰশস্তিপত্ৰ সমুহ বিতৰণ কৰি কোকৰাঝাৰ আৰক্ষীক প্ৰশংসা কৰে । কোকৰাঝাৰ আৰক্ষীয়ে অঞ্চলটোত শান্তি-সম্প্ৰতি , অাইন-শৃংখলা , জনসাধাৰণৰ সা-সম্পত্তি নিৰাপত্তা, জীৱনৰ নিৰাপত্তা তথা ৰাষ্ট্ৰৰ সুৰক্ষা আৰু নিৰাপত্তা অটুত ৰাখিবলৈ যি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া সঁচাকৈয়ে অতুলনীয় বুলি মন্তব্যৰে কোকৰাঝাৰ আৰক্ষীৰ নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে এডিজিপি ড° এল আৰ বিষ্ণইয়ে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0