বিটিএডিত হ্ৰাস পাইছে উগ্ৰবাদীৰ শক্তি : এডিজিপি বিষ্ণই

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পৰা ৫২ গৰাকীকৈ আৰক্ষীৰ বিষয়া-জোৱানে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ পৰা প্ৰশস্তি পত্ৰ লাভ কৰাত জিলাখনৰ কৰ্মদক্ষ আৰক্ষীৰ মাজত সন্তুষ্টিৰ হাঁহি বিৰিঙিছে । সন্ত্ৰাস জৰ্জৰিত এলেকাটোত সন্ত্ৰাসদমনৰ মুখ্য ভূমিকা লোৱা তথা কৰ্মক্ষেত্ৰত দেখুওৱা নিপুণতা, সফলতাৰ বাবেই ডিজিপিৰ পৰা একেলগে ৫২ গৰাকীয়ে প্ৰশস্তিপত্ৰ লাভ কৰি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে ।

প্ৰশস্তিপত্ৰ বিতৰণ উপলক্ষে আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত অসম আৰক্ষীৰ এডিজিপি ড°এল আৰ বিষ্ণই উপস্থিত থাকি প্ৰশস্তিপত্ৰ সমুহ বিতৰণ কৰি কোকৰাঝাৰ আৰক্ষীক প্ৰশংসা কৰে । কোকৰাঝাৰ আৰক্ষীয়ে অঞ্চলটোত শান্তি-সম্প্ৰতি , অাইন-শৃংখলা , জনসাধাৰণৰ সা-সম্পত্তি নিৰাপত্তা, জীৱনৰ নিৰাপত্তা তথা ৰাষ্ট্ৰৰ সুৰক্ষা আৰু নিৰাপত্তা অটুত ৰাখিবলৈ যি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া সঁচাকৈয়ে অতুলনীয় বুলি মন্তব্যৰে কোকৰাঝাৰ আৰক্ষীৰ নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে এডিজিপি ড° এল আৰ বিষ্ণইয়ে ।

আজিৰ প্ৰশস্তিপত্ৰ বিতৰণ অনুষ্ঠানত ডিজিপিৰ পৰা প্ৰশস্তিপত্ৰ লাভ কৰা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ, অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু , কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধি , গোসাঁইগাওঁ আৰু পৰ্বতঝোৰাৰ মহকুমা আৰক্ষী বিষয়া , বিভিন্ন থানা-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া-কনিষ্টবলসকল আৰু চিৰাং জিলাৰ  আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়মেধি উপস্থিত থাকি ডিজিপিৰ প্ৰশস্তিপত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে । 

ইপিনে এডিজিপি ড° এল অাৰ বিষ্ণইয়ে সংবাদ মাধ্যমৰ আগত নিৰাপত্তাৰক্ষীৰ অভিযানত উগ্ৰপন্থীৰ বহু নেতা-সদস্য নিহত অথবা কৰায়ত্ব হোৱাৰ পৰিণতিতে জিলাখনত সম্প্ৰতি উগ্ৰপন্থীৰ শক্তি হ্ৰাস পাইছে বুলি উল্লেখ কৰিছে ।