কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি দ্বিতীয় দিনা কেইবাটাও পৰীক্ষা কেন্দ্ৰত গণিতৰ প্ৰশ্নকাকতৰ ঠাইত সমাজবিজ্ঞান আৰু অসমীয়া মাধ্যমৰ প্ৰশ্নকাকত বিতৰণ কৰাকলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা ছেবা আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীনতাৰ প্ৰতিবাদত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ইয়াৰ অংশস্বৰূপে আজি কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত বিয়লি ২:৩০ বজাত কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰৰ নিকটৰ ৰাজপথত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছেবা তথা শিক্ষাবিভাগৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷