কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা কাৰাগাৰত কয়দীক প্ৰহাৰ কৰা, কয়দীৰ দৰ্শনাৰ্থীৰ পৰা কাৰাগাৰৰ কৰ্মচাৰীয়ে টকা দাবী কৰা অাদি অভিযোগত কালি জিলাখনৰ স্বয়ং মুখ্য ন্যায়িক দণ্ডাধীশ চমুকৈ চিজেএমে সদৰ থানাত অনিয়মৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাৰ এদিন পিছতেই অাজি কোককৰাঝাৰ জিলা কাৰাগাৰত এজন কয়দীৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত বাতৰি মতে চিৰাং জিলাৰ ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত বুৰিঝাৰ গাওঁৰ বাসিন্দা ৰাজেশ চুপপ্ৰামাৰী(২৫)য়ে যোৱা ২০১৬ চনৰ ৩০ জুলাইত ডকাইতি গোচৰত অভিযুক্ত হৈ কোকৰাঝাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল৷