কোকৰাঝাৰঃ কোকৰাঝাৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পুনৰাই চাৰিজন ব্যক্তিয়ে কভিড ১৯ পজিটিভত আক্ৰান্ত হোৱাত আজি জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ক’ভিড ১৯ পজিটিভত আক্ৰান্তসকল হ’ল ক্ৰমে ছাদ্দাম হুছেইন (২১), তিলক লামা (২০), নজৰুল ইছলাম (১৮) আৰু চাইদুল আলি (২৪)। ইয়াৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আন দুগৰাকী ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হৈছিল আৰু যাৰ পৰিণতিতে বৰ্তমানলৈকে কোকৰাঝাৰ জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে।
উল্লেখ্য যে, বহি:ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলক প্ৰথমে শ্ৰীৰামপুৰত স্বাস্থ্য পৰীক্ষাৰ অন্তত ইয়াৰে একাংশক কোকৰাঝাৰৰ বিভিন্ন ঠাইত থকা কোৱাৰেণ্টাইন কেন্দ্ৰসমুহলৈ প্ৰেৰণ কৰা হয়। সেইমৰ্মে বহি:ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা অহা ধুবুৰীৰ ছাদ্দাম হুছেইন (২১), বাঙ্গালোৰৰ পৰা অহা বাকসাৰ তিলক লামা (২০), অন্ধ্ৰপ্ৰদেশৰ পৰা অহা বৰপেটাৰ নজৰুল ইছলাম (১৮) আৰু উত্তৰপ্ৰদেশৰ পৰা অহা নলবাৰীৰ চাইদুল আলি (২৪)ক কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হয়।
ইয়াৰে কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰত ক্ৰমে ধুবুৰীৰ চাদ্দাম হুছেইন (২১), বাক্সাৰ তিলক লামা (২০), নলবাৰীৰ চাইদুল আলি (২৪) আৰু বি বি ইঞ্জিনিয়াৰিং কলেজৰ কোৱাৰেণ্টাইনত বৰপেটাৰ নজৰুল ইছলাম (১৮) কোৱাৰেণ্টাইন হৈ আছিল। কিন্তু আমফানৰ ফলত কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ ক্ষতিসাধন হ’ব পৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বহুতকে হোম কোৱাৰেণ্টাইনলৈ যাবলৈ অনুমতি দিয়া হয়।