ফেক্ট চেকিংঃ পুনৰ ফেক নিউজৰ কবলত পৰিছে মূল সূঁতিৰ অসমৰ সংবাদ মাধ্যম। দিনদিয়েক পূৰ্বে 'প্ৰতিদিন টাইম’ নামৰ ছেটেলাইট নিউজ চেনেল এটাই মেঘালয়ৰ এগৰাকী মন্ত্ৰী কৰ’নাত আক্ৰান্ত হৈছে বুলি বাতৰি পৰিৱেশন কৰি মেঘালয় আৰক্ষীৰ ৰোষত পৰাৰ পিছত আজি পুনৰ আন কেবাটাও ছেটেলাইট চেনেলৰ বিৰুদ্ধে উক্ত ৰাজ্যখনৰ সৈতে জড়িত এটি ফেক নিউজ সম্প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বৃহস্পতিবাৰে মেঘালয়ৰ সৈতে জড়িত ফেক নিউজ সম্প্ৰচাৰ কৰা মেইনষ্ট্ৰীম ছেটেলাইট নিউজ চেনেলকেইটাৰ অন্যতম হৈছে প্ৰাগ নিউজ আৰু ডিৱাই ৩৬৫। দুয়োটা নিউজ চেনেলে আজি দিনৰ ভাগত ভূমিস্খলনৰ এটি ভিডিঅ’ শ্বিলঙৰ বুলি সম্প্ৰচাৰ কৰে। উক্ত ভিডিঅ’ চেনেল দুটাই ছ’চিয়েল মিডিয়াতো আপলোড কৰাত সেয়া মুহূৰ্ততে ভাইৰেল হৈ পৰে।

বিশেষকৈ আমফানৰ প্ৰভাৱত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ অধিকাংশ ঠাইতে নেৰানেপেৰা বৰষুণ অব্যাহত থকাত বহুতেই নিউজ চেনেলত উক্ত ভিডিঅ’ বাতৰি আকাৰে পাই সঁচাকৈয়ে শ্বিলঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হৈছে বুলি ধৰি লয়। অৱশ্যে একাংশ লোকে ভিডিঅ’টোৰ সত্যাসত্যক লৈ ছ’চিয়েল মিডিয়াত প্ৰশ্নও উত্থাপন কৰে।

অৱশেষত সমগ্ৰ বিষয়টো অৱগত হৈ নিশা ৮ বাজি ৩৪ মিনিটত ছ’চিয়েল মিডিয়াৰ লগতে অসমৰ মেইনষ্ট্ৰীম মিডিয়াত প্ৰচাৰ হোৱা উক্ত বাতৰিটো ফেক নিউজ বুলি টুইটাৰযোগে স্পষ্ট কৰি দিয়ে মেঘালয় আৰক্ষীয়ে। টুইটটোত মেঘালয় আৰক্ষীয়ে কৈছে যে যিটো ভূমিস্খলনৰ ভিডিঅ’ শ্বিলঙৰ বুলি প্ৰচাৰ কৰি থকা হৈছে সেয়া প্ৰকৃততে ইণ্ডোনেছিয়াৰ চিয়াংজুৰ আৰু ছুকানগৰা সংযোগী পথৰহে দৃশ্য।

'ছ’চিয়েল মিডিয়াত ভূমিস্খলনৰ এটি শ্বেয়াৰ হৈ আছে। এই ভিডিঅ’টো ইণ্ডোনেছিয়াৰ চিয়াংজুৰ আৰু ছুকানগৰা সংযোগী পথৰহে, মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নহয়। আমি নাগৰিকসকলক ভুল কেপশ্যনৰে ভিডিঅ’টো শ্বেয়াৰ নকৰিবলৈ অনুৰোধ জনাইছো।’-টুইটটোত এইদৰে লিখিছে মেঘালয় আৰক্ষীয়ে। 

ভিডিঅ'টোৰ প্ৰকৃত সত্য কি?

NNOৰ ফেক্ট চেকিং টীমেও ভিডিঅ’ আৰু ফটো ৰিভাৰ্ছ কৰি চাওতে সেয়া ইণ্ডোনেছিয়াৰ চিয়াংজুৰ আৰু ছুকানগৰা সংযোগী পথৰ বুলি নিশ্চিত হৈছে। 'ডেটিক নিউজ’কে ধৰি ইণ্ডোনেছিয়াৰ কেবাটাও নিউজ ৱেবছাইটত প্ৰকাশিত বাতৰি মতে যোৱা ৯ এপ্ৰিলত উক্ত পথটোত সংঘটিত হৈছিল এই ভূমিস্খলন। এই ভূমিস্খলনত কেবাজনো লোক মটৰ চাইকেলসহ আৱদ্ধ হৈ পৰিছিল বুলিও বাতৰিত প্ৰকাশ পাইছে।

ইণ্ডোনেছিয়াৰ উক্ত ভিডিঅ’টো ভাৰততো একাংশ লোকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। ইয়াৰ পিছতে উক্ত ভিডিঅ’টো কোনো লোকে শ্বিলঙৰ বুলি দাবী কৰি আপডেট দিয়ে। ছ’চিয়েল মিডিয়াত কৰা উক্ত দাবীৰ ভিত্তিতে কোনোধৰণৰ সত্যতাৰ বিচাৰ নকৰাকৈ অসমৰ টিভি চেনেলে সেয়া শ্বিলঙৰ বুলি বাতৰি সম্প্ৰচাৰ কৰাত বৃহস্পতিবাৰৰ দিনটোত বহু দৰ্শক বিভ্ৰান্ত হৈ পৰে।

একাংশ লোকে নিউজ চেনেলত উক্ত বাতৰি পাই ছ’চিয়েল মিডিয়াযোগে সেয়া কিমান সঁচা বুলি প্ৰশ্নও কৰা দেখা গৈছে। ইয়াৰ উত্তৰত আন একাংশ ছ’চিয়েল মিডিয়া ইউজাৰে অসমীয়া নিউজ চেনেলৰ বাতৰিক বিশ্বাস কৰিলে বিপদত পৰিব লাগিব বুলি মন্তব্য কৰিছে। এনেদৰে এতিয়া ব্ৰেকিং নিউজৰ নিগনি দৌৰত নামি এটাৰ পিছত এটাকৈ ফেক নিউজ সম্প্ৰচাৰ কৰি ক্ৰমাৎ দৰ্শকৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ বাধ্য হৈ পৰিছে মূলসুঁতিৰ অসমৰ নিউজ চেনেল তথা কেবাটাও নিউজ পৰ্টেল।

মানৱ দাস নামৰ এজন ফেচবুক ইউজাৰে লিখিছে, 'Indonesiaৰ landslideৰ video এটা shillong ৰ বুলি আপলোড দিছে Prag News, DY365-এ। অসমৰ নিউজ চেনেল। এনেই ক‌ওঁ ম‌ই, ইহঁতৰ ওপৰত উৰাবাতৰি বিয়পাই দিয়াৰ বাবে কিবা ব্যৱস্থা ল'ব নে অসম আৰক্ষীয়ে। যিকোনো কথাতে আনক সমালোচনা কৰা ইহঁতে TRP ৰ কাৰণে কিমান তললৈ নামিব পাৰে?'


► তলৰ বাতৰিটো পঢ়িবলৈ ফটোখনত ক্লিক কৰক...


উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যখনৰ মেইনষ্ট্ৰীমৰ প্ৰায় প্ৰতিটো নিউজ চেনেল আৰু একাধিক নিউজ পৰ্টেলে ৰাজ্যখনৰ কেবাখনো জিলাক ৰেড জ’ন ঘোষণা কৰা হৈছে বুলি বাতৰি সম্প্ৰচাৰ কৰিছিল। পিছত ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগে নিজৰ অফিচিয়েল ফেচবুক পেজযোগে নিউজ চেনেলকেইটাই প্ৰচাৰ কৰা উক্ত বাতৰিৰ স্ক্ৰীণশ্বটত ফেক নিউজ বুলি লিখি অসমবাসীক তেনে বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছিল।

অসমৰ নিউজ চেনেল আৰু নতুনকৈ নিউজ চেনেলৰ আৰ্হিত গঢ় লৈ উঠা একাধিক নিউজ পৰ্টেলত কিয় ফেক নিউজৰ পৰিমাণ বৃদ্ধি পাইছে বুলি NNOৰ তৰফৰ পৰা কেবাজনো জ্যেষ্ঠ সাংবাদিকক প্ৰশ্ন কৰাত নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে ইয়াৰ মূলতেই হৈছে ব্ৰেকিং নিউজ দিয়াৰ অঘোষিত প্ৰতিযোগিতা। লগতে চেনেলসমূহত সাংবাদিকসকলে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটো-ভিডিঅ’ৰ সত্যাসত্য নিৰূপণ কৰা টেকনিকসমূহৰ বিষয়ে অৱগত নহয় বাবেও এনে ঘটনা বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰিছে কেবাজনো সচেতন ব্যক্তিয়ে।