নগাঁওঃ নগাঁও জিলাৰ ধিঙৰ টি এচ কে ১১ ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা কটহগুৰি প্ৰাইমেৰী প্ৰিমিয়াৰ লীগ’ৰ ফাইনেল খেলখন শনিবাৰে অনুষ্ঠিত হয়৷ ডাৰ্ক এভেনজাৰ ক্ৰিকেট ক্লাৱে আৰু টি এচ কে ইলিভেন ষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত খেলত হৰুৱাই ডাৰ্ক এভেনজাৰ ক্ৰিকেট ক্লাৱে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।
কটহগুৰি কলেজ খেল পথাৰত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত প্ৰথমে টি এচ কে ক্লাৱে বেট ধৰি ১০.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭২ ৰান সংগ্ৰহ কৰে। তাৰ বিপৰীতে ডাৰ্ক এভেনজাৰ ক্লাৱে ৮ অভাৰত ৭৩/৩ ৰান সংগ্ৰহ কৰি চূড়ান্ত বিজয়ী হবলৈ সক্ষম হয়। খেল খনত বিজয়ী দলক ট্ৰফী সহ ১০ হাজাৰ টকা আৰু বিজিত দলক ট্ৰফী সহ ৫ হাজাৰ টকা প্ৰদান কৰা হয়।