নগাঁওঃ নগাঁও জিলাৰ ধিঙৰ টি এচ কে ১১ ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা কটহগুৰি প্ৰাইমেৰী প্ৰিমিয়াৰ লীগ'ৰ ফাইনেল খেলখন শনিবাৰে অনুষ্ঠিত হয়৷ ডাৰ্ক এভেনজাৰ ক্ৰিকেট  ক্লাৱে আৰু টি এচ কে ইলিভেন ষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত খেলত হৰুৱাই ডাৰ্ক এভেনজাৰ ক্ৰিকেট ক্লাৱে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। 

কটহগুৰি কলেজ খেল পথাৰত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত প্ৰথমে টি এচ কে ক্লাৱে বেট ধৰি ১০.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭২ ৰান সংগ্ৰহ কৰে। তাৰ বিপৰীতে ডাৰ্ক এভেনজাৰ ক্লাৱে ৮ অভাৰত ৭৩/৩ ৰান সংগ্ৰহ কৰি চূড়ান্ত বিজয়ী হবলৈ সক্ষম হয়। খেল খনত বিজয়ী দলক ট্ৰফী সহ ১০ হাজাৰ টকা আৰু বিজিত দলক ট্ৰফী সহ ৫ হাজাৰ টকা প্ৰদান কৰা হয়। 

খেল খনত মেন অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে নাজিৰ আহমেদে আৰু মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে দিপাংকৰে। সমাজকৰ্মী কৰিম চাগ্লাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে অগপৰ বটদ্ৰৱা সমষ্টি সমিতিৰ সভানেত্ৰী মামণি বৰা, সম্পাদক চন্দ্ৰ মোহন বৰা, নগাঁও জিলা আমছুৰ উপ-সভাপতি  আবুল হুছেইন, কটহগুৰি সমবায় সমিতিৰ প্ৰাক্তন সভাপতি শ্বহিদুল ইছলাম, সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ টুকটুকী আঞ্চলিকৰ সভাপতি শ্বহিদুল ইছলাম, কটহগুৰি মণ্ডল সমিতিৰ সভাপতি আবু হানিফা, বিজেপিৰ স্বচ্ছ ভাৰত অভিযানৰ কলিয়াবৰ জিলা সমিতিৰ অধ্যক্ষ মহিবুল্লাহ উপস্থিত থাকে। খেল খনত প্ৰায় চাৰি সহস্ৰাধিক লোক উপস্থিত  আছিল।