গুৱাহাটীঃ গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোক নিহত হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এনে মৰ্মান্তিক ঘটনাৰ বাবে শাসনাধিস্থিত বি জে পি নেতৃত্বাধীন চৰকাৰক জগৰীয়া কৰে৷ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত সৰ্ববৃহৎ ট্ৰেজেডি গোলাঘাটৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য আৰু আবকাৰী বিভাগৰ বৰমূৰীয়াসকলৰ চিণ্ডিকেটৰ বাবেই এনে ঘটনা সংঘটিত হ’ব পালে বুলি তেওঁ অভিযোগ কৰে৷
নজৰবিহীনভাৱে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত চুলাই মদৰ উৎপাদন আৰু বিক্ৰীত উৎসাহ যোগোৱাৰ পাছত জিলাখনত লালচৰণ আগৰৱালা আৰু সুভাষ সাহাই নামৰ দুজন ব্যৱসায়ীয়ে লালি গুৰৰ যোগান ধৰিছিল৷ এই ব্যৱসায়ী চক্ৰটোৱে লালি গুৰৰ চিণ্ডিকেট চলাই থকা বুলি অভিযোগ তোলে অখিল গগৈয়ে৷