গুৱাহাটীঃ দীৰ্ঘ বছৰ ক্ষমতাত থাকি বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে অসমৰ প্ৰায়বোৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। কেৱল কংগ্ৰেছে ইয়াৰ বাবে দায়ী নহয় । ভাল দিন অহাৰ কথা কোৱা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনেও সাম্প্ৰদায়িকতাবাদ, বৰ্ণবাদ, স্বজনপ্ৰীতিৰে ভাৰতীয় গণতন্ত্রৰ চাৰিটা স্তম্ভ ক্ৰমে ন্যায়পালিকা, কাৰ্যপালিকা, বিধানপালিকা আৰু সংবাদ মাধ্যমক কংগ্ৰেছৰ দৰেই ধূলিস্যাৎ কৰিলে। এই অভিযোগ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ।  

বিজেপি চৰকাৰখনৰ এনে জনবিৰোধী প্ৰতিবাদত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ হেতু ২ এপ্ৰিলত ৰাজ্যিক অভিৱৰ্তনৰ জৰিয়তে আলোচনা কৰাৰ সিদ্বান্ত লৈছে। এই কথা ঘোষণা কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

এই অভিৱৰ্তনখনত মূলত: নাগৰিকত্ব সংশোধনী বিধেয়ক, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয়কৰণ কৰা, সাঁচী গছৰ আইন প্ৰণয়ন আদিৰ বিষয়ে আলোচনা হ'ব।