Home ৰাজ্যকুমাৰীকাটাত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

কুমাৰীকাটাত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

by News Desk
62 views
A+A-
Reset

তামুলপুৰঃ তিনিচুকীয়াৰ ধলাত যোৱা কালি কোনো উগ্ৰপন্থী দলে ৫ জনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আৰু ইয়াৰ সুবিচাৰ দাবীত আজি দুপৰীয়া ১ বজাত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু বি টি চি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যৌথ আহ্বাহনত কেবা শতাধিক পুৰুষ-মহিলাই স্বতঃস্ফুৰ্তভাৱে ওলাই আহি ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। 

অৱৰোধকাৰী সকলে অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, এই জুই জ্বলিছে জ্বলিবই, মৃণাল হাজৰিকা মুৰ্দা বাদ, জিতেন দত্তক ফাঁচি দিয়ক, অখিল গগৈ মুৰ্দাবাদ আদি ধ্বনিৰে কুমাৰীকাটাৰ পৰিৱেশ উত্তাল কৰি তোলে। আজিৰ এই কাৰ্যসূচীত সদৌ অসম বঙালী যুৱছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ সভাপতি অধীৰ আৰ্য, সম্পাদক পৰিমল শীল, বি টি চি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুজন পাল, এন এল এফ বি(আলোচনা পন্থী) ৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পোদ্দাৰ, সাধাৰণ সম্পাদক বাপ্পী কুমাৰ দাস, জিলা কমাণ্ডাৰ মহিম দাস, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ প্ৰাক্তন সভাপতি নৰেন দাস আৰু বঙালী ফেডাৰেচনৰ, তামুলপুৰ, লটিবাৰী, কুমাৰীকাটা আৰু কাউলীৰ সদস্য সকল উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0