ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ হাতত শোচনীয় পৰাজয়ৰ পিছতে টীম ইণ্ডিয়াৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ ঘোষণা কৰিছে অনিল কুম্বলেই৷ মঙলবাৰে হঠাৎ তেওঁ এই সিদ্ধান্তৰ কথা সদৰী কৰে৷

প্ৰথমে কুম্বলেই সমাগত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ভাৰতীয় দলৰ সৈতে নাযাব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ কিছুসময় পিছতে তেওঁ প্ৰশিক্ষক পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰে৷ উল্লেখ্য যে অহা ২৩ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলা৷

ইফালে Times Now-ৰ এটি বাতৰিত কোৱা হৈছে যে বিগত কিছুদিন ধৰি প্ৰশিক্ষক কুম্বলে আৰু অধিনায়ক বিৰাট কোহলিৰ মাজৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছিল৷ বাতৰিটোত প্ৰকাশ পোৱা মতে, বিচিচিআইৰ এখন বৈঠকত অধিনায়ক কোহলিয়ে পৰামৰ্শদাঁতা কমিটিৰ আগত এই তিক্ততাপূৰ্ণ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল৷

বৈঠকখনত শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু ভি ভি এছ লক্ষ্মণ জড়িত হৈ থকা উক্ত সমিতিৰ আগত কোহলিয়ে এনে সম্পৰ্ক ভাল হোৱাৰ সম্ভাৱনা অতি ক্ষীণ বুলিও জানিবলৈ দিয়ে৷ এই বৈঠকৰ কিছুসময় পিছতে প্ৰশিক্ষক পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে অনিল কুম্বলেই৷