63
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ হাতত শোচনীয় পৰাজয়ৰ পিছতে টীম ইণ্ডিয়াৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ ঘোষণা কৰিছে অনিল কুম্বলেই৷ মঙলবাৰে হঠাৎ তেওঁ এই সিদ্ধান্তৰ কথা সদৰী কৰে৷
প্ৰথমে কুম্বলেই সমাগত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ভাৰতীয় দলৰ সৈতে নাযাব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ কিছুসময় পিছতে তেওঁ প্ৰশিক্ষক পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰে৷ উল্লেখ্য যে অহা ২৩ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলা৷