শিৱসাগৰ/দিচাংমুখঃ লাচিত বৰফুকনে মোগলৰ আক্ৰমণৰ পৰা অসম ৰক্ষা কৰি গৈছিল৷ লাচিত বৰফুকনক অসমৰ ইতিহাসে সদায় এগৰাকী বীৰ ৰূপে শ্ৰদ্ধা যাচি যাব৷ সেই কথাত কাৰো দ্বিমত নাই৷ বৰ অসমৰ কথা কলেই আহোম-মোগলৰ যুদ্ধ তথা শৰাইঘাটৰ ৰণৰ কথাই আগস্থান লাভ কৰে৷ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে প্ৰথমে লাচিত বৰফুকন, বাঘ হাজৰিকা আৰু আহোম-মোগলৰ যুদ্ধৰ কথাই ওলাই পৰিব৷ মোগলক ধৰাশয়ী কৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিছিল এই যুদ্ধত৷
এই যুদ্ধ আছিল অসমীয়া জাতিৰ বাবে অগ্নিপৰীক্ষা৷ লাচিতৰ নেতৃত্বত এই যুদ্ধ জয়ী হৈছিল তাহানিৰ অসমীয়াই৷ ১৬৭১ চনৰ এই যুদ্ধত মোগল সাম্ৰাজ্য আৰু আহোমৰ মাজত হৈছিল৷ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও লাচিতৰ বুদ্ধিৰ সন্মুখত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। মোগলৰ নৌ বাহিনীক ধৰাশয়ী কৰি আহোম সৈন্যই মোগলক পৰাস্থ কৰে। মোগলে অন্তিমবাৰৰ বাবে অসমলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰি লাচিতৰ বাবে বিফল হয়৷