ডিজিটেল ডেস্কঃ বিজেপি দলত এক মোক্ষম আঘাত হানিলে মেঘালয়ৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মানস চৌধুৰীয়ে ৷ মেঘালয়ৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে বিজেপিৰ প্ৰতি মোহভংগ হৈ পদত্যাগ পত্ৰ দাখিল কৰে চৌধুৰীয়ে ৷
জানিব পৰা মতে, আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি দলৰ হৈ টিকট নোপোৱাৰ বাবেই বিজেপি দলৰ পৰা পদত্যাগ কৰে ৷ কিন্তু সোমবাৰে শাসকীয় কংগ্ৰেছ দলে ঘোষণা কৰা নিৰ্বাচনী তালিকাত মানস চৌধুৰীৰ নাম দেখিবলৈ পোৱা যায় ৷ নিৰ্বাচনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব লগা আসনৰ অন্তিমখন তালিকাৰ তিনি নম্বৰত চৌধুৰীৰ নাম সন্নিৱিষ্ট কৰা হয় ৷