ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এখন জিলাত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাজ্য খনৰ উনাও জিলাৰ বাংগড়মৌ এলেকাৰ কেইখন মান গাঁৱৰ লোকৰ দেহত এইচআইভি বীজাণু ধৰা পৰাৰ পিছতেই হাহাকাৰ লাগে৷ প্ৰায় ৪০ জনকৈ লোকৰ দেহত এইচআইভি সংক্ৰমণ হোৱাৰ কথা পোহৰলৈ আহে৷
জানিব পৰা মতে, স্বাস্থ্য বিভাগ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি অঞ্চলটোত এগৰাকী অশিক্ষিত লোকে চিকিৎসা সেৱা চলাই গৈছিল৷ দীৰ্ঘ দিনৰ পৰা স্থানীয় লোকক চিকিৎসা কৰি ধন ঘটা ভুৱা চিকিৎসকজনে এইচআইভি ৰোগ চিনাক্ত হোৱা গাঁও সমূহত অবৈধভাৱে চিকিৎসা কৰি আছিল৷ ভণ্ড চিকিৎসকজনে এটা চিৰিঞ্জকে বহুজনৰ দেহত ব্যৱহাৰ কৰাৰ বাবে এই ৰোগবিধত আক্ৰান্ত হ’ব লগা হয় ৪০ জনকৈ লোক৷