60
চৰাইদেউঃ উজনিৰ কেইবাখনো জিলাত উগ্ৰপন্থীৰ ধনদাবী, আক্ৰমণকে ধৰি বিভিন্ন কূটাঘাটমূলক ঘটনা সংঘটিত হৈ অহাৰ সময়তে পুনৰ চাহ বাগিচাত আক্ৰমণ কৰে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দলে৷
সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো অস্ত্ৰধাৰীয়ে মুকলি বিচৰণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে ৩১ জানুৱাৰীত অস্ত্ৰধাৰী দল এটাই চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত কানু চাহ বাগিচাত ভয়াবহ আক্ৰমণ সংঘটিত কৰিছিল৷