ডিজিটেল ডেস্কঃ বিয়া হোৱাৰ পিছত জাতি পৰিৱৰ্তন নহয়৷ জন্মৰ সময়তেই ঠিক হয় মানুহৰ জাতি৷ পৰবৰ্তী সময়ত জাতি ঠিক কৰা সম্ভৱ নহয়৷ বৃহস্পতিবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰিলে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে৷ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ চাকৰি সন্দৰ্ভত কৰা গোচৰ সন্দৰ্ভত শুনানী গ্ৰহণ কৰি দেশৰ শীৰ্ষ আদালতে এই ৰায় প্ৰদান কৰে৷
জানিব পৰা মতে, প্ৰায় ২১ বছৰ পূৰ্বে এগৰাকী যুৱতীয়ে অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ লৈ শিক্ষকৰ চাকৰি লাভ কৰিছিল৷ যুৱতীগৰাকী উচ্চ শ্ৰেণীৰ হলেওঁ বিয়াৰ পিছত পিছ পৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দি স্কুলৰ চাকৰী লাভ কৰে৷ ২০ বছৰ পিছত যুৱতীগৰাকীয়ে এতিয়া সেই স্কুলৰ উপাধ্যক্ষ৷ তাৰ পিছতে আৰম্ভ হয় বিবাদ৷ বিবাদ গৈ পাই আদালতলৈ৷