ডিজিটেল ডস্কঃ পশ্চিম বংগৰ মুৰ্শ্বিদাবাদৰ বেলডাঙাত এখন বাছ দুৰ্ঘটনাত পতিত হৈ ৯গৰাকী লোকৰ মৃত্যু হয়৷ পুৱা প্ৰায় ৫ বজাত এখন যাত্ৰীবাহী বাছ এটি খাৱৈত বাগৰি পৰে৷ প্ৰায় ৩০গৰাকী যাত্ৰী থকা বাছ খনে আমতলাৰ পৰা বেলডঙা অঞ্চললৈ গৈ থকাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়৷ ঘল কুঁৱলিৰ বাবে সংঘটিত হয় এই ঘটনা৷
বাছ খন বাগৰি পৰাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ গাড়ীৰ ভিতৰৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলাই যদিওঁ থিতাতে ৭গৰাকী লোকৰ মৃত্যু হয়৷