কোকৰাঝাৰঃ বিজেপিৰ আভ্যন্তৰীণ সংঘাত আৰু ৰাজনৈতিক সংকটৰ বলিৰ পঠা হৈছে লাফিকুল ইছলাম আহমেদ। এবিএমছু সভাপতিগৰাকীৰ হত্যাকাণ্ড প্ৰকৃততে এটা সুপৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড যদিও দূৰ্ভাগ্যজনকভাৱে কিছুমানে গৰু ছিণ্ডিকেটৰ সৈতে হত্যাকাণ্ডটো সুচতুৰভাৱে আগবঢ়াই নিব বিচাৰিছে আৰু সেয়েহে তেওঁলোককো তদন্তৰ আওঁতালৈ আনিব লাগে। এই মন্তব্য প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।
আজি কোকৰাঝাৰৰ ছালাকাটিস্থিত লাফিকুল ইছলাম আহমেদৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি কৃষক নেতা অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ আভ্যন্তৰীণ সংঘাত আৰু ৰাজনৈতিক সংকটৰ বলিৰ পঠা লাফিকুল ইছলাাম আহমেদ হোৱা বুলি মন্তব্যৰে অখিল গগৈয়ে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত কৰিলে অসমত ডাঙৰ বিস্ফোৰণ ঘটিব বুলি মন্তব্য কৰে ৷