91
গুৱাহাটীঃ ৰাজ্যৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান নৃত্য কলাক্ষেত্ৰই অনুষ্ঠিত কৰিব অাৰ্ট ফেষ্টিভেল-২০১৭। অহা ৯-১০ অাগষ্টত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব অাৰ্ট ফেষ্টিভেল-২০১৭৷
১৯৯৩ চনৰ ২৭ জুলাইত ইলোৰা বৰাৰ নেতৃত্বত জন্ম হোৱা নৃত্য কলাক্ষেত্ৰ অনুষ্ঠানটোৱে অামেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত নৃত্য কৰ্মশালাৰ আয়োজন কৰি অসম তথা ভাৰতৰ নৃত্য বিস্তাৰৰ বাবে কাম কৰি থকা বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলত আয়োজকসকলে জানিবলৈ দিয়ে৷