কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত বিগত বৰ্ষৰ ৫ আগষ্টত সংঘটিত হোৱা নাৰকীয় কাণ্ডই আজি এবছৰ পূৰ্ণ কৰিলে। অভিশপ্ত ৫ আগষ্ট বুলি পৰিচিতি লাভ কৰা উক্ত ঘটনাত উগ্ৰপন্থীৰ গুলীত ১৪জন নিৰীহ লোক নিহত হোৱাৰ লগতে শিশু মহিলা সহিতে ১৮ গৰাকী লোক আহত হৈছিল।
উগ্ৰপন্থীৰ গুলীত নিহত হোৱা নিৰীহ জনতাৰ স্মৃতিত আজি বালাজান তিনালীত জিলা প্ৰশাসনৰ উদ্যোগত আৰু বালাজান তিনালী বজাৰ সমিতিৰ সহযোগত এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।