newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিজেপিৰ জ্যেষ্ঠ নেতা ডা০ লক্ষী চক্ৰৱৰ্তীয়ে বুধবাৰে নিশা মৃত্যুক আকোৱালি লয়৷ চাবুৱা বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য ডা০ লক্ষী চক্ৰৱৰ্তীয়ে ৮০ বছৰত বয়সত মৃত্যুক আকোৱালি লয়৷ বৃহওৰ চাবুৱা অঞ্চলৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ লক্ষী চক্ৰৱৰ্তীয়ে বুধবাৰে নিজা বাসগৃহত মৃত্যুক আকোৱালি লয়৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ঘনিষ্ঠ বুলি পৰিচিত আছিল৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নেতাগৰাকীৰ ঘৰলৈ আহিছিল বুলি জানিব পৰা গৈছিল৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে অহাৰ সময়ত ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী সযতনে আজিও ৰাখি থোৱাই আছে বুলি পৰিয়ালে জানিবলৈ দিয়ে৷
নেতাগৰাকীয়ে কৃষি সন্দৰ্ভত ১৯৭১ চনত গ্ৰন্থ লিখি ৰাষ্ট্ৰীয় অাইকাৰ বঁটা লাভ কৰিছিল৷ চাবুৱা পৰা প্ৰকাশিত মাহেকীয়া অালোচনীৰ সম্পাদক, চাবুৱা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য, চাবুৱা শ্মশানৰ প্ৰতিষ্ঠাপক সদস্যৰ হোৱাৰ লগতে চাবুৱাৰ বিভিন্ন-অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল৷