জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ লালুকৰ ১ নং কৰুনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত বাগৰিল এখন স্কুল বাছ৷

হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছখনে৷ দুৰ্ঘটনাটোত দহ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয়৷ বাছ খনত আছিল ২৫ ৰপৰা ৩০ জন ছাত্ৰ-ছাত্ৰী ৷

দুৰ্ঘটনাটোৰ পিছত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰপৰা উলিয়াই কন-কন ছাত্ৰ-ছাত্ৰীৰ লগতে আহত সকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়৷

দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নম্বৰ AS 01 DC 9296 আৰু যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে৷