লখিমপুৰঃ বহু দিনৰপৰা লখিমপুৰ নগৰত ম’বাইল চোৰৰ এক বৃহৎ সংগঠন আছিল। লখিমপুৰ খেলমাটী নগৰৰ আৰক্ষীয়ে ছোৰজ জামান নামৰ খেলমাটীৰ যুৱক এজনৰ এজাহাৰৰ ভিত্তিত লখিমপুৰ নগৰৰ পানিন্দ ৰোডৰপৰা ম’বাইল ফোনৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে, আৰক্ষীয়ে চোৰটোৰপৰা চাৰিটা ম’বাইল ফোন উদ্ধাৰ কৰে। এই চোৰজনৰ নাম সঞ্জীৱ শইকীয়া, গাঁও ঘাৰমৰা, লখিমপুৰত।

আৰক্ষীয়ে যুৱক জনক আটক কৰি সোধ-পোচ কৰাত তেওঁৰ লগত জড়িত থকা আটাকেইজন চোৰৰ বিষয় আৰক্ষীৰ আগত ক’বলৈ বাধ্য হয়৷  

সঞ্জীৱ শইকীয়াক ধৰি তেওঁৰ এই কামত আন তিনিজন ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চোৰ কেইজনৰ ভিতৰত ধন বৰুৱা (২৭) গহপুৰ, ইকৰাম আলী (১৯) কে.বি .ৰোড,লখিমপুৰৰ আৰু বাবু বড়া (কে বি ৰোড লখিমপুৰ) বুলি জানিব পৰা গৈছে৷  আনহাতে, আৰক্ষীয়ে আটাই চোৰ কেইজনক জিম্মাত লোৱাৰ পাছত ঘটনাৰ লগত জড়িত থকা সংগঠন তথা বিষয়টোৰ সন্দৰ্ভত তদন্তৰ অব্যাহত ৰাখিছে৷