জিয়াউল আলী, লখিমপুৰ

লখিমপুৰঃ লখিমপুৰত সোৱনশিৰি নদীপৰীয়া ৰাইজৰ চকুলো। চপৰা চপৰে খহিছে সোৱনশিৰি নৈ গৰা৷ ঘুনাসুঁতি কলিয়নী অঞ্চল প্ৰায় নিশ্চিহ্ন অৱস্থা৷

প্ৰাণৰ মমতাত ঘৰ বাৰী এৰিছে এই অঞ্চলৰ ৰাইজে৷ কিন্তু কাণষাৰ নাই জনপ্ৰতিনিধীৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ। নিতৌ সোৱনশিৰি নৈৰ গৰাখহনীয়াত শ শ হেক্টৰ কৃষি ভূমিও ঘৰ-বাৰী নৈত জাহ গৈছে।

এই গৰাখহনীয়াৰপৰা পৰিত্ৰাণ পাবৰ বাবে এই অঞ্চলৰ ৰাইজে নদীৰ পাৰত নাম-কীৰ্তন কৰি সেৱা আগবঢ়াই।

অঞ্চলবাসী ৰাইজে সোৱনশিৰি গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বাবে সংবাদমাধ্যমৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনায়৷