10
গুৱাহাটীঃ অসমৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিৰোধী ৰাজনৈতিক শক্তি গঠনৰ বাবে অসমত গঠন হৈছে ‘আঞ্চলিক গণতান্ত্ৰিক মৰ্চা’ নামৰ এটা ৰাজনৈতিক দল।
ইতিমধ্যে আঞ্চলিক গণতান্ত্ৰিক মৰ্চাত অন্তৰ্ভুক্ত হৈছে এলডিপি, এএছডিচি, অসম সংগ্রামী মঞ্চ আৰু আদিবাসী নেচনেল পাৰ্টী চমুকৈ ‘আনপা’। এই কথা দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে আঞ্চলিক গণতান্ত্ৰিক মৰ্চা আহ্বায়ক হলীৰাম তেৰাঙে।