1
গুৱাহাটীঃ গুৱাহাটীৰ মহানগৰীৰ আমবাৰীস্থিত ‘জাগৰণ আর্টফেড’ত শনিবাৰ ৰাতি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা। ৰাতি প্ৰায় ১০.৪৫ বজাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জুইত জাহ বহুতো মূল্যৱান সামগ্ৰী।
বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকা। ডেকাই লগতে জানিবলৈ দিয়ে যে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ প্ৰথম প্ৰত্যক্ষ কৰিছিল ‘জাগৰণ আৰ্টফেড’ৰ কৰ্মচাৰী ধীৰেণ নাথে।