newsnextone.com | শিৱসাগৰঃ ১৯৩৫ চনত আৰম্ভ হৈছিল অসমৰ ছবি জগতৰ বৰ্ণিল যাত্ৰা। সমসাময়িক ভাৱে শিৱসাগৰত ১৯৩৭ চনত প্ৰতিষ্ঠা হৈছিল লক্ষ্মী ট’কীজ নামৰ ছবিগৃহ। একাশী বছৰীয়া স্মৃতি বুকুত সামৰি আজিৰ পৰা বন্ধ হ’ল অসমৰ দ্বিতীয় ছবিগৃহ লক্ষ্মী ট’কীজ।

নিৰ্বাক ধাৰাৰ পৰা সবাক ধাৰালৈ, ক’লা-বগা প্ৰযুক্তিৰ পৰা ৰঙীন প্ৰযুক্তিলৈ, ৰীলৰ যুগৰ পৰা ডিজিটেল ফৰ্মেটলৈ ছিনেমা যুগৰ এই সমূহ সময়ৰ সাক্ষী শিৱসাগৰৰ লক্ষ্মী ট’কীজ। ১৯৩৭ চনত অসমৰ দ্বিতীয়টো ছবিগৃহৰূপে মুকলি হৈছিল লক্ষ্মী ট’কীজ। তেজপুৰৰ আগৰৱালা পৰিয়ালৰ জোনাকী ছবিগৃহৰ পাছতে শিৱসাগৰত ৰামনিৱাস খেমকা পৰিয়ালে শিৱসাগৰত স্থাপন কৰিছিল এই ছবিগৃহ।

তেতিয়াৰ পৰা কালিলৈ সগৌৰৱে ৮১ বছৰে ৰাজ্যিক-ৰাষ্ট্ৰীয় ছবিৰ আমেজ দি আহিছিল লক্ষ্মী ট’কীজে। বিগত একাশী বছৰে লক্ষ্মীৰ নিৰৱে খোদিত হৈছিল অসমৰ ছিনেমা উদ্যোগৰ ইতিহাস। নিৰৱ সাক্ষী হৈছিল ভাৰতীয় ছিনেমা উদ্যোগৰ উত্থান আৰু পতন।

দ্বিতীয় মহাসমৰৰ সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিছুদিনৰ বাবে বন্ধ হৈছিল এই ছবিগৃহ। তাৰ পাছত আজিৰ পৰা স্থায়ীভাৱে ইতি পৰিল লক্ষ্মীৰ যাত্ৰা।

অসম চৰকাৰৰ পয়ালগা চিনেমা উদ্যোগ নীতিও লক্ষ্মীৰ শ্মশান যাত্ৰাৰ অন্যতম কাৰণ। চৰকাৰে কোনো সাহাৰ্যৰ ব্যৱস্থা নকৰিলে এই ছবিগৃহৰ বাবে। দিনক দিনে উত্তৰণ ঘটা প্ৰযুক্তি আৰু উন্নত সেৱাৰ লগত ফেৰ মাৰিব নোৱাৰি বহুদিনৰ পৰা লোকচানত চলি আছিল লক্ষ্মী ট’কীজ।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, পুলক গগৈ, বিষ্ণু খাৰঘৰীয়া, অশোক কুমাৰ বিষয়াৰ পৰা আৰম্ভ কৰি বলিউদৰ বহুজন বৰেণ্যৰ পদৰেণুৰে ধন্য এই ট’কীজ৷ সুদীৰ্ঘ ৮১ বছৰ কলানুৰাগীক বিনোদনৰ সুবিধা প্ৰদান কৰা এই ট’কীজলৈ এটা সময়ত জনতাৰ প্ৰৱল সোঁত বৈছিল৷ বাছ ভাড়া কৰি অসমীয়া ছবি উপভোগ কৰিবলৈ আহিছিল সহস্ৰজন৷

সেয়া এতিয়া মাথোঁ সুখৰ স্মৃতি মাথোন। ভাগ্য চিনেমাই লক্ষ্মী ট’কীজৰ ভাগ্য সলনি কৰিছিল। ভাগ্য চিনেমাক আদৰিবৰ বাবে ছবিগৃহৰ বাহিৰত ৰোৱা কটা কলগছৰ পুলিত কল লাগিছিল।

কিন্তু নব্বৈ দশকৰ আলফাৰাজৰ সময়ত অসমৰ চিনেমা উদ্যোগ পঁয়া লাগিছিল। শিৱসাগৰ জিলাৰ ৯টা ছবিগৃহৰ ৮টাই বন্ধ হৈ গৈছিল। সময়ৰ সৈতে যুঁজ দি জীয়াই আছিল লক্ষ্মী ট’কীজ৷

দ্বিতীয়খন অসমীয়া ছবি ইন্দ্ৰমালতীৰ পিছত সৌ সিদিনা লক্ষ্মী ছবিগৃহত মুক্তি পাইছিল ক্ৰোধ ছবি। আশী বছৰৰ দস্তাৱেজ সামৰি আজিৰ পৰা নিজম পৰিল লক্ষ্মী চৌহদ।

এই মূহুৰ্তত শিৱসাগৰৰ বহুজনৰ মনত ৰিঙিয়াইছে কৰুণ বাঁহীৰ সুৰ। লক্ষ্মী ট’কীজৰ সৈতে সংপৃক্ত হৈ থকা মিঠা সোঁৱৰণীয়ে আমনি কৰিছে।