47
ডিজিটেল ডেক্সঃ ১৪ বছৰ জেলত কটাব লাগিব আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱে৷ এয়াই নহয় ৰাজকোষক উভতাই দিব লাগিব ৬০ লাখ টকা৷ পশু খাদ্য কেলেংকাৰীৰ অধিনৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত শনিবাৰে শাস্তি ঘোষণা কৰো চিবিআইৰ বিশেষ আদালতে৷
দুটা সুকীয়া গোচৰত লালুক দুটা বিশেষ ধাৰাত ৭ বছৰ ৭ বছৰ জেল ঘোষণা কৰে৷ আনহাতে দুয়োটা ধাৰাত ৩০ লাখ ৩০ লাখ টকা জৰিমণা বিহে৷ জৰিমণা নিদিলে অতিৰিক্ত ২ বছৰ জেলত বেছিকৈ থাকিব লাগিব লালুৱে৷